
গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বুকুত অঘটন।ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই কিশোৰ।মঙলবাৰে ১২ বছৰীয়া ছাইদুল ইছলাম কিশোৰ জন সন্ধানহীন হোৱা ঘটনাৰ মাৰ নাযাওঁতেই আজি পুনৰ সন্ধানহীন হৈছে আন এটা কিশোৰ।
উল্লেখ্য প্ৰাপ্ত খবৰ মতে ছাইদুলৰ সন্ধানত পুৱাৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই থকা সময়তে ৰজাদুৱাৰ ঘাটত আন এজন কিশোৰ সন্ধানহীন হোৱা খবৰ আহি পৰিছে।ভৰা ব্ৰহ্মপুত্ৰত সাতুৰি থকাৰ অৱস্থাতে হঠাৎ ডুবি সন্ধানহীন কিশোৰজন।তাপৰ্যপূৰ্ণ কথা মঙলবাৰে গধূলি ৭বাজি ১১ মিনিটত ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল চাইদুল।













