অঘটনৰ অন্ত নাই স্পাইচজেটৰ। ২৪ ঘণ্টাত তিনিখন বিমানৰেই মাজ আকাশত ধৰা পৰিল বিজুতি। যাৰ ভিতৰত শেহতীয়া ঘটনাটি ঘটিছে কলকাতাত।
ঘটনাটো সংঘটিত হয় মঙ্গলবাৰে কলকাতাত। ঘটনাচক্রত তাৰ পূৰ্বে মঙ্গলবাৰে দুপুৰীয়াই বিকল হোৱাত স্পাইচজেটৰ দুখন বিমানৰ জৰুৰী অৱতাৰণ কৰাবলগা হয় বিমানত খেলিমেলিৰ কাৰণে। এখন বিমানৰ গতিপথ সলনি কৰি পাকিস্তানত অৱতাৰণ কৰোৱা হয়। জানিব পৰা মতে, মঙ্গলবাৰে স্পাইচজেটৰ আন এখন চীন অভিমুখী বিমানক মাজপথৰ পৰা ঘূৰাই অনা হৈছে যান্ত্রিক ত্রুটিৰ কাৰণে। ফলত চীনৰ ৰাস্তাৰ এৰি কলকাতাত নামে বিমানখন।
সূত্র মতে, স্পাইচজেটৰ এই বিমানখনৰ বতৰ ৰিডাৰত যান্ত্রিক ত্রুটি ধৰা পৰে মাজপথত। তেতিয়াই লগে লগে তাৰ গন্তব্যস্থান সলনি কৰি কলকাতাৰ দমদম বিমানবন্দৰত অৱতাৰণ কৰোৱা হয়। অৱশ্যে বিমানখনত কোনো যাত্রী নাছিল। ভাৰতৰ পৰা চীনলৈ পণ্য সামগ্ৰী পঠোৱা হৈছিল মালবাহী বিমানখনত।