মণিপুৰৰ টুপুল ভূমিস্খলনত মৃত্যু হোৱা মৰিগাঁও জিলাৰ লাহৰিঘাট ব্লকৰ কুশতলী অঞ্চলৰ ৬টা মৃতদেহ এতিয়ালৈকে দাহ কৰা হৈছে। আনহাতে, যোৱানিশা ধ্বংসাৱশেষৰ মাজৰ পৰা আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই আজি সংবাদ মাধ্যমক কয় যে টুপুল ভূমিস্খলনৰ মৰ্মান্তিক ঘটনাত অসমৰ মৰিগাঁও জিলাৰ ২১ জন লোকৰ ভিতৰত ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫ জন জীৱিত লোক নিজৰ জন্ম গাঁৱলৈ আহি আছে ৷
কিন্তু আৰু ৯ জন লোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলিও উপায়ুক্তগৰাকীয়ে লগতে কয়। উল্লেখ্য, মৰিগাঁও জিলাৰ উক্ত ৯ জন ব্যক্তিৰ জীয়াই থকাৰ সম্ভাৱনা একেবাৰে ক্ষীণ যদিও টুপুলৰ ভূমিস্খলনৰ ধ্বংসাৱশেষত উদ্ধাৰ অভিযান চলি থকা হৈছে।
মৰিগাঁৱৰ উপায়ুক্তগৰাকীয়ে জনোৱা মতে, প্ৰাথমিক তথ্য মতে অসমৰ মুঠ ২৩ জন লোক ভূমিস্খলনৰ কবলত পৰিছে।ঘগ্ৰাপাৰ, নলবাৰীৰ ৰাজু আলী আৰু বৰপেটাৰ পৰা আন এজন টেৰিটৰিয়েল আৰ্মী জোৱান ভূমিস্খলনত নিহত হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।