
মিজোৰাম আৰক্ষীয়ে উত্তৰ-পূবত সক্ৰিয় আন্তঃসীমা ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধান লাভ কৰিছে। তিনিদিনীয়া তালাচী অভিযানত গ্ৰেপ্তাৰ হৈছে ছয়টা সৰবৰাহকাৰী। উদ্ধাৰ হৈছে ১৪ কোটি টকাৰ ড্ৰাগছ আৰু প্ৰায় ৩.৩৬ টন চুপাৰী।
বৃহস্পতিবাৰে মিজোৰাম আৰক্ষীয়ে জনোৱা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সোমবাৰৰ নিশাৰ পৰা বুধবাৰে নিশালৈকে চম্পাই, ছাইতুৱেল আৰু কোলাছিব জিলাৰ বিভিন্ন পথত যান-বাহন ৰখাই তালাচী অভিযান চলোৱা হয়। গ্ৰেপ্তাৰ হোৱা ছয়জনৰ ভিতৰত ৫ জন ম্যানমাৰৰ নাগৰিক বুলি আৰক্ষীয়ে দাবী কৰিছে। ইয়াৰ লগত ম্যানমাৰৰ কোনো উগ্ৰপন্থী সংগঠন জড়িত আছে নেকি তাৰো তদন্ত কৰি আছে।

আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে চম্পাই জিলাৰ খানকাউন চেকপোষ্টত তালাচীৰ সময়ত প্ৰায় ৮০ লাখ টকাৰ নিষিদ্ধ মেথামফেটামাইন জব্দ কৰা হৈছে। এখন বাহনেৰে যাত্ৰা কৰা ম্যানমাৰৰ এজন নাগৰিকৰ পৰা এইখিনি জব্দ কৰা হয়। আন এখন বাহন ৰখাই ম্যানমাৰৰ এজন যাত্ৰীৰ পৰা উদ্ধাৰ হয় হেৰ’ইন।
মঙলবাৰে ছাইতুৱেল জিলাৰ কাইফাঙত তালাচীৰ সময়ত ম্যানমাৰৰ পৰা অহা দুজন সৰবৰাহকাৰীৰ লগত প্ৰায় ১০.২ কোটি টকাৰ ১২.৭৪৬ কেজি মেথামফেটামাইন ধৰা পৰে। কোলাচিব জিলাত উদ্ধাৰ হৈছে ৩ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ। লগতে আৰক্ষীয়ে জব্দ কৰে এখন ট্ৰাক। ইয়াৰ পৰা ৪২ বেগত ৩,৩৬০ কেজি শুকান চুপাৰী জব্দ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ট্ৰাক চালকজনৰ হাতত বৈধ ট্ৰেড লাইচেন্স, পৰিবহণ অনুমতি বা অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ নাছিল।













