
তিনিচুকীয়া কাকপথাৰৰ দ-পথাৰত আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংঘৰ্ষ। প্ৰচণ্ড গুলীয়াগুলি তথা গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত দুয়োটা দলৰ মাজত।
আলফা(স্বা)ৰ সদস্য আহত হোৱাৰ সন্দেহ। ভাৰতীয় সেনাৰ আসাম ৰেজিমেণ্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অভিযান অব্যাহত ৰখা হৈছে। ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে আৰক্ষী অধীক্ষক দেৱজিত দেউৰী।













