আমিৰ খান, যাক বলীউডৰ চলচ্চিত্ৰ জগতৰ “মিষ্টাৰ পাৰফেক্টনিষ্ট” বুলি কোৱা হয়, সদায় লাইম-লাইটত থাকে। অভিনেতাগৰাকীৰ কামৰ লগতে, তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েটোৱেও যথেষ্ট শিৰোনাম দখল কৰে। আমিৰে তেওঁৰ কেৰিয়াৰত এজন সফল ব্যক্তি যদিও তেওঁৰ ব্যক্তিগত জীৱনত সেয়া সম্ভৱপৰ নহ’ল। আমিৰৰ দুখন বিবাহ বিচ্ছেদৰ বিষয়ে যথেষ্ট আলোচনা হৈ আহিছে। ইফালে, শেহতীয়াকৈ হঠাতে অভিনেতা গৰাকীয়ে তেওঁৰ পুৰণি প্ৰেমৰ কথা মনত পেলাইছে।
আমিৰ খানৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ৰ ‘ফিৰ না এইচি ৰাত আয়েগী’ গানটো অলপতে মুক্তি লাভ কৰে। গানটো মুকলি কৰাৰ সময়ত, আমিৰে তেওঁৰ প্ৰথম প্ৰেমৰ কথা মনত পেলাইছে। গান উন্মোচন অনুষ্ঠানত আমিৰে কয় যে, “সেইটো মোৰ জীৱনৰ এটা সময় আছিল যেতিয়া মই টেনিছ খেলিছিলোঁ, সেই ছোৱালীজনীও একেটা ক্লাবত মোৰ সৈতে আছিল। হঠাতে এদিন গম পাইছিলো যে তেওঁ নিজৰ পৰিয়ালৰ সৈতে দেশ এৰি গুচি গৈছিল। তেওঁ যোৱাৰ সময়ত মই বৰ দুখী হৈছিলোঁ। আটাইতকৈ বেয়া কথাটো হ’ল যে তেওঁ নাজানিছিল যে মই তেওঁক বহুত ভাল পাইছিলোঁ। কিন্তু এই সকলোবোৰৰ মাজত, এটা বহুত ভাল কথা আছিল যে মই এজন ভাল টেনিছ খেলুৱৈ হৈ পৰিছিলোঁ। কেইবছৰমানৰ পিছত মই ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপত টেনিছ খেলিছিলো আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়ন হৈছিলোঁ।”
আমিৰ খানৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, আজিকালি তেওঁৰ আহিবলগীয়া ছবি ‘লাল সিং চাড্ডা’ত অতি ব্যস্ত হৈ আছে। আমিৰ আৰু তেওঁৰ গোটেই দলটো তেওঁলোকৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। অদ্বৈত চন্দনৰ দ্বাৰা পৰিচালিত এই ছবিখন ১১ আগষ্টত ছবিগৃহত মুক্তি পাব। আমিৰ খানৰ উপৰিও, কৰীণা কাপুৰ খান, নাগা চৈতন্য আৰু মনা সিঙক এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব।