ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:ডিব্ৰুগড়ত যোৱা নিশা এগৰাকী কংগ্ৰেছী নেতাৰ ওপৰত দুবৃত্তই কৰা আক্ৰমণে ব্যাপক চাঞ্চল্যৰ স্বৃষ্ট কৰিছে।জানিব পৰা মতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগৰ ওপৰত এনে অৰ্তকিতে কৰা আক্ৰমণত সম্পাদকগৰাকী আতংকিত হৈ পৰে।ৰাজপথতৰ ওপৰত চলন্ত বাহনৰ ওপৰত কৰা এনে আক্ৰমনত সম্পাদকগৰাকীয়ে ভ্ৰমন কৰা এ এচ ০৬ এম ৫১৭৮ নম্বৰৰ ইনভা গাড়ীখন ক্ষতিসাধন হয়।

নিশা প্ৰায় ১১-৩০বজাত আমোলাপটিৰ পৰা চৌকিডঙী দিশত আহি থকা অৱস্থাত সন্তোষী মা পথৰ ওচৰত ইনভা গাড়ীখনলৈ লক্ষ্য কৰি ভালেকেইটা বটল নিক্ষেপ কৰে।ফলত গাড়ীৰ গ্লাচ ভাঙি যায় যদিও সৌভাগ্য ক্ৰমে আত্মৰক্ষা পৰে জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক ৰাজকুমাৰ নীল নেত্ৰ নেওগ।ঘটনাৰ সৰ্ন্দভত নেতাগৰাকীয়ে চহৰখনৰ আমোলাপটি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে।ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।












