ASSAM TIMES POST
গুৱাহাটীঃ কালী পূজা উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয় গুৱাহাটীৰ বিৰূবাৰীস্থিত গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা কালী পূজাস্থলীত। ইয়াত মুখ্যমন্ত্ৰীজনে পূজা উপলক্ষে প্ৰাৰ্থনা জনায়।
উল্লেখযোগ্য যে বিৰূবাৰী ৰাজহুৱা শ্ৰীশ্ৰী কালী পূজা ভাগে এই বৰ্ষত ৰূপালী জয়ন্তীত ভৰি দিছে। মা কালীক দৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীজনক সংগ দান কৰে সাংসদ কুইন ওজা আৰু বিধায়ক বিমল বৰাই। ইয়াতে মুখ্যমন্ত্ৰীজনে নাগৰিকসকলৰ সৈতে মত বিনিময়ো কৰে।












