ASSAM TIMES POST
তিনিচুকীয়া : তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷ এনে সময়তে আলফা স্বাধীনৰ কেইবাজনো সদস্যই আত্মসমৰ্পন কৰিছে৷ শুকুৰবাৰে জিলাখনত পুনৰ ৬ জন কৈ আলফা সদস্যই আত্মসমৰ্পন কৰে৷ তিনিচুকীয়া আৰক্ষী, ২১০ নং কোব্ৰা কমাণ্ডো, ৬৮ নং চি আৰ পি এফ, ২১ পাৰা এছ এফ আৰু ৯ নং ৰাজ ৰাইফলছৰ অভিযানত আলফা সদস্যকেইজনে আত্মসমৰ্পন কৰে৷
সেনা আৰু আৰক্ষীৰ অভিযানৰ সময়ত মাৰ্ঘেৰিটা আৰু পেঙেৰীত পৃথকে পৃথকে আত্মসমৰ্পন কৰে এই আলফা সদস্য ছজনে৷ ইয়াৰে পবিত্ৰ অসম ওৰফে ফামেন মৰান, আলোক অসম ওৰফে মিন্তু মৰান, মাৰ্চেণ্ট অসম ওৰফে প্ৰাণজিত মৰাণ, অবন অসম ওৰফে ৰাজীৱ মৰানে মাৰ্ঘেৰিটাৰীত আত্মসমৰ্পন কৰে৷ আত্মসমৰ্পনৰ সময়ত আলফা সদস্য কেইজনে ২ টা এ কে-৫৬ ৰাইফল, ২ টা এম কিউ -৮১ ৰাইফল, ২৭৫ জাই সক্ৰিয় গুলী, ৯ টা মেগজিন আৰু এটা হেণ্ড গ্ৰেনেড জমা দিয়ে৷
ইপিনে, জিলাখনৰ পেঙেৰীত অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত আন দুজন আলফা সদস্যই আত্মসমৰ্পন কৰে৷ আত্মসমৰ্পন কৰা আলফা সদস্য দুজন হ’ল সংযোগ অসম ওৰফে মিলন জ্যোতি মহন্ত আৰু পুৰন অসম৷












