কাৰবি আংলঙৰ ডিফু চহৰৰ অন্যতম অসমীয়া মাধ্যমৰ চন্দ্ৰছিং টেৰণ হাইস্কুলৰ দুগৰাকীকৈ জ্যেষ্ঠ শিক্ষকদ্বয় থানেশ্বৰ কোঁৱৰ আৰু নিতাই দাসক আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই৷
ইতিমধ্যে দুয়োগৰাকী শিক্ষকে বিদ্যালয়খনৰ পৰা অৱসৰগ্ৰহণ কৰিছিল যদিও বিভিন্ন কাৰণবশতঃ বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকদ্বয়ক আনুষ্ঠানিক বিদায় সম্ভাষণ জনাব পৰা নাছিল ৷
আজি ডিফু চন্দ্ৰছিং স্কুলৰ সভা কক্ষত আয়োজিত বিদায় সভাত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক নিত্যানন্দ বৰাই আঁতধৰা বিদায় সভাখনৰ পৌৰোহিত্য কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকে ৷ বিদ্যালয়খনৰ স্তুতি প্ৰাৰ্থনা আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী ভাৰতী হাজৰিকাৰ বৰগীতেৰে বিদায়ী সভাখন আৰম্ভ হয় ৷
বিদ্যালয়খনৰ আটাইকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদায়ী শিক্ষকদ্বয়ে শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক আৱেগিক পৰিৱেশত নিজৰ নিজৰ ভাষণ প্ৰসংগত নিজৰ চাকৰি কালৰ শিক্ষকদ্বয়ৰ সান্নিধ্যৰ তিতা-কেহাঁ স্মৃতিৰ ৰোমন্থন কৰে ৷
ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে ৷ বিদ্যালয়খনৰ প্ৰতি থকা শিক্ষকদ্বয়ৰ মৰম, চেনেহ আৰু কৰ্তব্য নিষ্ঠাৰ কথা সকলোৱে একে মুখে সোঁৱৰি শিক্ষকদ্বয়ৰ অভাৱ সদায় অনুভৱ কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷
বিদায়ী সভাত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মজাহাৰুল ইছলামৰ উপস্থিতিত বিদায়ী শিক্ষকদ্বয়ক কাৰবি জেকেট, পহ, শৰাই, গামোছা ফুলৰ থোপা, চেলেং চাদৰ আৰু বিভিন্ন বস্তুৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ বিদায়ী শিক্ষকদ্বয়ক প্ৰদান কৰা সম্বৰ্ধনা পত্ৰ পাঠ কৰি শুনায় ক্ৰমে, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী প্ৰণিতা পাঠক আৰু কাৰে ইংতিপীয়ে ৷