আজি পুৱা প্ৰায় ১০-৩০ বজাত ডিফু (Diphu)ৰ বিৰলা (Borla)ৰ ওচৰত এক ভয়ানক অগ্নিকাণ্ড (Terrible fire) সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু থানা এলেকাৰ বিৰলা মছজিদৰ ওচৰত ইমতিয়াজ আলীৰ ঘৰত কোনো নথকা অলৃৱস্থাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বন্ধঘৰখনত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে হয়তু অগ্নিকাণ্ড সংঘটিত হৈছে বুলি স্থানীয়লোকে সন্দেহ প্ৰকাশ কৰিছে ৷
উক্ত অগ্নিকাণ্ডত ঘৰখনত থকা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ ঘটাত স্থানীয় লোকৰ মাজত অধিক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহনিৰ লোক উপস্থিতহৈ অগ্নিনিৰ্বাপিত কৰে যদিও ইতিমধ্যে ঘৰখনত থকা প্ৰায় ৫ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ৷