বান পৰিস্থিতিত দুর্দশা ক্রমশ বাঢ়িছে ৰাজ্যবাসীৰ। ইতিমধ্যেই দুর্যোগত বিপর্যস্ত ৰাজ্যত প্রাণ হেৰুৱাইছে ১৩৪ জনে। ৩২খন জিলাৰ ৩৩ লাখৰো অধিক মানুহ বিপর্যস্ত হৈছে। শিলচৰ চহৰ বৰ্তমানো পানীৰ তলত। যাৰ কাৰণে শিলচৰৰ বিভিন্ন এলেকা বিদ্যুৎহীন হৈ পৰিছে। খোৱাপানীৰ সমস্যাইও দেখা গৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ এই অসহায় পৰিস্থিতিত সকলোৰে ওচৰত সাহায্যৰ আবেদন জনাইছে । উক্ত আবেদনৰ সহাঁৰি জনাই আগুৱাই আহিছে বি-টাউনৰ একাধিক তাৰকা।
বানত বিপর্যস্ত অসমত অসহায় মানুহৰ বাবে ইতিমধ্যেই ৭৫৯টা সাহায্য শিবিৰ গঢ়ি তোলা হৈছে । ২ লাখৰো অধিক মানুহ এই শিবিৰবোৰত আশ্রয় লৈ আছে। এই পৰিস্থিতিতেই সাহায্যৰ হাত আগবঢ়ায় আমিৰ খানৰ লগতে অর্জুন কাপুৰে। মুখ্যমন্ত্রীয়ে টুইট কৰি জনায় যে বানৰ কবলত পৰা অসমৰ কাৰণে ২৫ লাখ টকা দান (Donation) কৰিছে আমিৰ খানে।
সাহায্য পুঁজিত দান (Donations to the relief fund) কৰিছে অর্জুন কাপুৰ আৰু পৰিচালক ৰোহিত শেট্টীয়ে। মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত ৫ লাখ টকা দান কৰিছে তেওঁলোকে। অসহায় মানুহৰ ‘ত্ৰাণকৰ্তা’ চোনু সুদেও ৫ লাখ টকা দান কৰিছে। ইয়াৰ উপৰি টি চিৰিজৰ মালিক আৰু প্রযোজক ভূষণ কুমাৰেও ১১ লাখ টকা দিছে।
আনহাতে, ইতিমধ্যে বানত বিপর্যস্ত লোকসকলৰ সাহায্যার্থে ২৫ কোটি টকা আগবঢ়াইছে মুকেশ আম্বানিয়েও।