ৰঙিয়াত আৰক্ষীয়ে আজি প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ সহ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ আনোৱাৰ হুছেইন ওৰফে ৰাজু সৰবৰাহকাৰীক আটক কৰে। ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱা আগমুহূৰ্তত আৰক্ষীয়ে এই অভিযান সমাপন কৰে।
ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰঙিয়াৰ হাইৱে চ’কত এখন বাছৰ পৰা ১২ টা চাবোনৰ বাকচত ২৬২ গ্ৰাম হেৰইন আৰু সৰবৰাহকাৰীটোক আটক কৰে।