![]()
কাৰ্বি আংলং জিলাৰ ফুলনিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে মাঞ্জাৰ পৰা বৈঠালাংচৰ অভিমুখে গৈ থকা AS-31A-7134 নম্বৰৰ এখন মাৰুতি ছুজুকি চেলেৰিও বাহন আৰু ফুলনি বজাৰৰ পৰা আহি থকা AS-09-A-3863 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহী কান্তেশ্বৰ বসুমতাৰী আৰু মনেশ্বৰ বসুমতাৰী নামৰ যুৱক দুজন গুৰুতৰ ভাৱে আহত হয় ।
স্থানীয় লোকৰ তৎপৰতাত লগে লগে বাইক আৰোহী এজনক ডকমকা অসামৰিক চিকিৎসালয় আৰু এজনক বকলীয়াঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
আনহাতে মাৰুতী কাৰ খনত থকা চাৰি গৰাকী মহিলাকো বকলীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাস্থলিত উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ।













