
গুৱাহাটী মহানগৰী (Guwahati)ত আম আদমী পাৰ্টী (Aam Aadmi Party)ৰ প্ৰতিবাদ। ৰাজভৱনৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি মানৱ শৃংখলৰ কাৰ্যসূচী আপ (AAP)ৰ। ৰাজ্য শেহতীয়া বানপানী সমস্যাক লৈ মানৱ শৃংখল (Human Chain) আপৰ। ইফালে শান্তিপূৰ্ণ মানৱ শৃংখল কাৰ্যসূচীত আৰক্ষীৰ বাধা। প্ৰতিবাদী আপকর্মীক টানি-আজুৰি আটক আৰক্ষী।
ইফালে কাৰ্যসূচী ৰূপায়ণৰ বাবে অনুমতি নথকা বাবে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক, এই অভিযোগ আৰক্ষী। আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী প্ৰচণ্ড হতাহতি। প্ৰতিবাদকাৰী অভিযোগ মহিলা আৰক্ষী অবিহনে (without women police) অহা আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীক হাত (police shook hands women protesters) দিছে। আৰক্ষীৰ বিষয়া পল্লৱ তামুলীৰ বিৰুদ্ধে এই গুৰুত্ব অভিযোগ।
হিমন্ত বিশ্ব শৰ্মা হায় হায়, অসম আৰক্ষী গো বেক, পল্লৱ তামুলী হুচিয়াৰ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে। উল্লেখ্য যে বানপানী সমস্যাক (Flood Problem)লৈ ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদানৰ কথা আহিছিল প্ৰতিবাদকাৰী। ইফালে আৰক্ষীয়ে আটক কৰি লতাশিল আৰক্ষীৰ থানালে লৈ যায়।
আনহাতে প্ৰতিবাদকাৰীয়ে দিয়া অভিযোগ আৰক্ষীৰ বিষয়া পল্লৱ তামুলীয়ে নস্যাৎ কৰি কয়- যদি প্ৰমাণ আছে দিয়ক। তেওঁলোকক আইনগতভাৱেই ব্যবস্থা লৈছোঁ।












