ASSAM TIMES POST
গুৱাহাটীঃ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলেক বদলিকৰণৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত আৰু সময় বিচাৰে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে গত ১৮ অক্টোবৰত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন আৰু ন্যায়াধীশ এছএ ববডে, ন্যায়াধীশ আৰএফ নাৰিমেনৰ বিচাৰপীঠে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীক মধ্য প্ৰদেশলৈ বদলি কৰিবলৈ ভাৰত আৰু অসম চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছিল। অৱশ্যে কিয় হাজেলাক বদলিৰ নিৰ্দেশ দিয়া হৈছে, সেই সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ে মুকলিকৈ কোনো কথা কোৱা নাছিল।












