ASSAM TIMES POST
গুৱাহাটীঃ অহা পষেকৰ ভিতৰত গুৱাহাটী-ঢাকা প্ৰত্যক্ষ বিমান সেৱা পুনৰ কাৰ্যক্ষম হৈ পৰিব। এই কথা শেহতীয়াকৈ সদৰী কৰিছে ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাইৰপৰা গুৱাহাটী আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এই সেৱা প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু যাত্ৰীৰ অভাৱৰ বাবে ছেপ্টেম্বৰৰপৰা এই সেৱা স্থগিত ৰখা হয়।












