ASSAM TIMES POST
গুৱাহাটীঃ যোৱা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধান সভা সমষ্টি ক্ৰমে ৰাতাবাৰী, সোণাৰি, ৰঙাপৰা আৰু জনিয়াত অনুষ্ঠিত উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে তিনিটা সমষ্টিতে জয়লাভ কৰাৰ প্ৰসংগত প্ৰথম প্ৰতিত্ৰিয়া ব্যক্ত কৰিছে গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। বৃহস্পতিবাৰে ফলাফল প্ৰকাশৰ পাছতেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দাসে কয় যে ৰঙাপৰা, সোণাৰি আৰু ৰাতাবাৰীত বিজয়ৰ লগতে জনিয়া সমষ্টিত বিজেপি পৰাজয় হৈছে যদিও ভোটৰ বিন্যাস বিগত নিৰ্বাচনতকৈ অভূতপূৰ্ব বৃদ্ধিয়ে ইয়াকে প্ৰমাণিত কৰিলে যে ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি সেয়া সঁচা অৰ্থত ৰাইজে অনুভৱ কৰিবলৈ লৈছে আৰু সেয়েহে দলৰ এই নীতিক আস্থাত লৈ উপ-নিৰ্বাচনত উক্ত ফলাফল দিছে৷












