![]()
মহাৰাষ্ট্ৰ ৰাজনীতিত হাহাকাৰ।যিকোনো মুহূৰ্ততে ভংগ হব পাৰে উদ্ধৱ থাকৰে চৰকাৰ।থাকৰে চৰকাৰৰ প্ৰায় ৪২গৰাকী বিদ্ৰোহী বিধায়কে এতিয়া বাহৰ পাতিছেহি গুৱাহাটীৰ বিলাসী হোটেল ৰেডিছন ব্লু’ট।
আজি পুৱাই বিশেষ বিমানযোগে ৪০বিদ্রোহী বিধায়কসকল উপস্থিত হয় গুৱাহাটী বৰঝাৰ বিমানবন্দৰত।বিসম্বাদী বিধায়ক একনাথ সিন্ধে নেতৃত্বত অহা দলটোক বিমানবন্দৰত আদৰণি জনাই বিজেপি বিধায়ক সুশান্ত বৰগোঁহাই আৰু সাংসদ পল্লৱ লোচন দাসে।
কটকটীয়া নিৰাপত্তা বেষ্টনী মাজত বিলাসী বাছত বিধায়কসকলক বিমান বন্দৰৰ পৰা পোনে পোনে লৈ অহা হয় ৰেডিছন ব্লু’লৈ। ইফালে ৰেডিচন ব্লুট বিধায়কসকল উপস্থিত হোৱা লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে।আনহাতে দুপৰীয়া ভাগত পুনৰ অন্য দুগৰাকী বিসম্বাদী বিধায়ক আহি উপস্থিত হয় ৰেডিছন ব্লু’ত।
গুৰুত্বপূৰ্ণ কথা দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লাভ-লাভৰ লক্ষ্যৰে মহাৰাষ্ট্ৰ চৰকাৰ ভংগ কৰা বাবে উঠি পৰি লাগিছে একাংশ।তাপৰ্যপূৰ্ণ কথা যে বিসম্বাদী বিধায়কসকলক চুৰাটত ৰখা হৈছিল প্ৰথম অৱস্থাত।কিন্তু শেষমুহূৰ্তত পুনৰ চুৰাটৰ পৰা বাহিৰে বাহিৰে লৈ অহা হয় গুৱাহাটীলৈ।













