![]()
কি হ’ব মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিবেশ? গাদী ধৰি ৰাখিব পাৰিবনে উদ্ধব থাকৰেই? এই জল্পনা-কল্পনাৰ মাজতে বুধবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় ৪০ গৰাকী বিসম্বাদী বিধায়কসহ গুৱাহাটীত উপস্থিত হ’ল একনাথ চিন্দে।
মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কজনে সাংবাদিকৰ আগত তেওঁ, বালাচাহেব থাকৰেৰ হিন্দুত্বক তেওঁলোকে আগবঢ়াই লৈ যাব ৷ উল্লেখ্য, মঙলবাৰে শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী একনাথ চিন্দেকে ধৰি দলৰ প্ৰায় ১১ গৰাকী বিধায়ক উপস্থিত হৈছিল চুৰাটৰ এখন হোটেলত।
হোটেলত গোপন বৈঠকত মিলিত হয় চিন্দে তথা তেওঁৰ সমৰ্থক বিধায়কসকলে। লগে লগে দল বিৰোধী চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ উমান পোৱা গৈছে। তাৰ বাবেই অনুমান কৰা হৈছে, সলনি হ’বলৈ ওলাইছে নেকি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট। পুনৰ চলিব নেকি হোটেল ৰাজনীতি?
কিয়নো মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ বিধায়ক কেইগৰাকীয়ে আশ্ৰয় আশ্ৰয় লৈছে গুৱাহাটীৰ হোটেলত। একনাথ সিন্দেৰ নেতৃত্বত বিধায়ক দলটোৱে বাহৰ পাতিছে ৰেডিচন ব্লুত। উল্লেখ্য যে, মহাৰাষ্ট্ৰত একনাথ চিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী চৰকাৰ সংকটৰ গৰাহত পৰিছে।চিন্দেৰ সমৰ্থনত কেইবাগৰাকীও বিধায়ক আছে।
অ-বিজেপিশাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেল অসমত হোৱাক লৈও বিশেষ চৰ্চা চলিছে।
ইফালে বুধবাৰে পুৱা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত কটকটীয়া নিৰাপত্তাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিশেষ বাছৰে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় আটাইকেইজন বিধায়কক।
ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক হিমাংশু শেখৰ বৈশ্যই বিধায়কসকল অহাৰ পূৰ্বে নিয়ন্ত্ৰণ কৰিছিল যাতায়াত ব্যৱস্থা। আনহাতে, বিমানবন্দৰত বিধায়কৰ দলটোক আদৰণি জনায় বিজেপি বিধায়ক সুশান্ত বৰগোঁহাই আৰু সাংসদ পল্লৱলোচন দাসে।













