ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ চাৰি বিধান সভা সমষ্টিত সোমবাৰে অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ বৃহস্পতিবাৰে সম্পন্ন হোৱা ভোটগণনাৰ ফলাফল অনুসৰি ৰঙাপৰাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে জয় লাভ কৰে। ফলাফল অনুসৰি সমষ্টিটোত দ্বিতীয় স্থানত থাকে কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মী। বৰঠাকুৰে কুৰ্মীক ৫০,১৫৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।












