![]()
আজি দিনযোৰা কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ উদ্যোগত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাংগণ, চানমাৰীস্থিত বিষ্ণু ৰাভা ভৱনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।


ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জিতুমণি পাটগিৰিয়ে। ইয়াৰ পিছত শ্বহীদ তৰ্পন কৰে মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰে আৰু ‘বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই দেৱে ।


ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে উঠি অহা প্ৰজন্মক ৰাভাদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় । বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি নাগাৰা নাম পৰিৱেশন কৰে নুনমাটি গোপাল নগৰৰ এটি নামৰ শিল্পী দলে ।


পৰৱৰ্তী বিয়লিৰ ভাগত ৰাভা সংগীত প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ীসকলক একোখনকৈ প্ৰমাণ পত্ৰ আৰু একোটাকৈ ট্ৰফী প্ৰদান কৰা হয় ।













