বলীউড অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটে চলিত বৰ্ষৰ ১৪ এপ্ৰিল, ২০২২ তাৰিখে বিবাহ পাশত আৱদ্ধ হৈ অনুৰাগীসকলক উৎসাহিত কৰি তুলিছিল। দুয়োগৰাকী তাৰকাই কেইবা বছৰ ধৰি ইজনে সিজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাৰ পিছত বিয়া কৰাৰ সিদ্ধান্ত লৈছিল।
পৰিয়াল আৰু বন্ধুবৰ্গৰ উপৰিও, বলীউডৰ বহুতো ডাঙৰ তাৰকা তেওঁলোকৰ বিয়াত উপস্থিত আছিল। একে সময়তে, তেওঁলোকৰ বিয়াৰ বহুতো ফটো আৰু ভিডিঅ’ তথা সেইবোৰৰ সৈতে সম্পৰ্কিত ৰীতি-নীতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
শেহতীয়াকৈ বিবাহৰ প্ৰায় দুমাহৰ পিছত, ৰণবীৰ কাপুৰৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰে প্ৰকাশ কৰিছে যে আলিয়া ভাট তেওঁলোকৰ ঘৰলৈ অহাৰ পিছত তেওঁ পুত্ৰৰ কি পৰিৱৰ্তন দেখিছে!
নীতু কাপুৰে অলপতে ই টাইমছক দিয়া এক সাক্ষাৎকাৰত আলিয়া ভাটৰ সৈতে বিবাহৰ পিছত পুত্ৰ ৰণবীৰ কাপুৰৰ পৰিৱৰ্তনৰ বিষয়ে বহুতো গোপন কথা মুকলি কৰিছিল। তেওঁ কয় যে, “মই আজি বহুত সুখী। আলিয়াই কেৱল ৰণবীৰক যথেষ্ট মৰম দিয়াই নহয়, তেওঁক যথেষ্ট আপোনো কৰি লৈছে।
মই ৰণৱীৰ মাজত হোৱা পৰিৱৰ্তনক অনুভৱ কৰোঁ। তেওঁলোক দুয়োকে একেলগে ভাল দেখি। মই বহুত সুখী আৰু ভাগ্যৱান অনুভৱ কৰোঁ যে, আলিয়া মোৰ বোৱাৰী আৰু এই পৰিয়ালৰ অংশ হৈ পৰিছিল। জীৱনটো সঁচাকৈয়ে বহুত সলনি হৈছে আৰু মই ইয়াক লৈ বহুত সন্তুষ্ট। কোৱা হয় যে, বিয়া নহ’লে চিন্তা হয়। কিন্তু চোৱা এতিয়া বিয়া হ’ল।”
উল্লেখ্য যে, নীতু কাপুৰে তেওঁৰ আহিবলগীয়া ছবি ‘জুগ জুগ জীয়ো’ ৰ বাবে শিৰোনাম দখল কৰি আছে। মাল্টিষ্টাৰাৰ ছবিখন ২৪ জুনত মুক্তি পাব। নীতু কাপুৰৰ উপৰিও অনিল কাপুৰ, বৰুণ ধাৱান, কিয়াৰা আদৱানী আৰু মনীষ পলকো এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।