![]()
বৰষুণ আৰু কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৱ ৰেলৱেই বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল কৰিছে। ৫ খন ৰে’লৰ যাত্ৰা সম্পূৰ্ণৰূপে বাতিল কৰাৰ লগতে বহুকেইখন ৰে’ল আংশিকভাৱে বাতিল আৰু আন কেইখন ৰে’লৰ গতিপথ সলনি কৰা হৈছে।
➡️ গুৱাহাটী-নিউ বঙাইগাঁও যাত্ৰীবাহী ৰে’লৰ সেৱা বাতিল
➡️ চিফুং এক্সপ্ৰেছৰ সেৱা আজিৰ বাবে বাতিল
➡️ ইণ্টাৰচিটি এক্সপ্রেছৰ সেৱা আলিপুৰ দুৱাৰ আৰু গুৱাহাটীৰ মাজত বন্ধ থাকিব
➡️ ৭খন ৰে’ল ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা-বঙাইগাঁও হৈ চলিব
➡️ দিল্লী-ডিব্রুগড় ৰাজধানী এক্সপ্রেছ গোৱালপাৰা হৈ চলিব।
➡️ ব্ৰহ্মপুত্ৰ মেইল ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা হৈ চলিব লগতে কাঞ্চনজংঘা এক্সপ্রেছ ৰঙিয়াৰ পৰিৱর্তে গোৱালপাৰা হৈ চলিব।
➡️ লোকমান্য তিলক ৰে’ল, বিকানেৰ এক্সপ্রেছ, অবধ আছাম এক্সপ্রেছ চলিব গোৱালপাৰা হৈ চলাচল কৰিব।
আনহাতে উল্লেখ্য যে, নলবাৰীত অস্থায়ীভাৱে ৰে’লসেৱা স্তব্ধ হৈ পৰিছে। বৰষুণ আৰু বানৰ ফলত ঘগ্ৰাপাৰ আৰু নলবাৰীৰ মাজৰ ৰেলপথৰ একাংশ খহি পৰাৰ যাৰ বাবে অস্থায়ীভাৱে বন্ধ হৈ পৰিছে এই ৰেলসেৱা।
ইতিমধ্যে এই ৰেলপথৰ খহি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে।












