সোমবাৰৰ পৰা প্রতিদিনে ৰাহুল গান্ধীক জেৰা কৰি আছে ইডিয়ে। নেচনেল হেৰাল্ড গোচৰত ধন হৰলুকি কাণ্ডত। এই পর্যন্ত মুঠ ৩০ ঘণ্টা জেৰা কৰা হৈছে কংগ্রেছ সাংসদক। পুনৰ শুক্রবাৰে ইডিৰ জেৰাৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে ৰাহুল গান্ধী।
জানিব পৰা মতে, আজি জেৰাৰ পৰা অব্যাহতি বিচাৰিছিল ৰাহুল গান্ধীয়ে। সেই আবেদন মানি লৈছে ইডিয়ে। সেয়ে তেওঁ পুনৰ শুক্রবাৰে যাব লাগিব দিল্লীৰ ইডিৰ কাৰ্যালয় ‘প্রবর্তন ভৱন’লৈ।