
গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত এই জংগী প্ৰতিবাদ কংগ্ৰেছৰ। ২০১৫চনৰ এক গোচৰত ৰাহুল গান্ধীক আজি তৃতীয়দিনৰ বাবে ইডিয়ে জেৰা কৰা বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে গঢ়ি তোলে প্ৰতিবাদ।
ইফাল গুৱাহাটী ইডি কাৰ্যালয়লৈ প্ৰতিবাদকাৰীসকলে সমদল কৰা কথা আছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰীক চোচৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাৱণ আখ্যা প্ৰতিবাদী।
ইফালে প্ৰতিবাদকাৰীৰে আৰক্ষী হতাহতি হয়। আৰক্ষী বিষয়া ডিচিপি হিমাংশু দাস প্ৰতিবাদকাৰী আক্ৰমণত আহত হয়। আৰক্ষীৰ বিষয়াগৰাকী তেজ ওলাই যায়।
উল্লেখ্য যে ১৪৪ ধাৰা জাৰি হৈ থকা বাবে প্ৰতিবাদৰ অনুমতি নাছিল।তাৰ পাছতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,ৰকিবুল হুছেইন প্ৰমুখ্যে শীর্ষ নেতাসকল উপস্থিত থাকে।আৰক্ষীয়ে ভূপেন বৰা, ৰকিবুল হুছেইনক চোচৰাই লৈ যায় আৰক্ষীয়ে।বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, ৰাহুক গান্ধী জিন্দাবাদ, অসম পুলিচ হায় হায় আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।













