এখন কেৰাভানত এটি যাযাবৰৰ দৰে সমগ্ৰ বিশ্ব ভ্ৰমি ফুৰাৰ এটি বিলাসী স্বপ্ন বহু পুৰণি। কিন্তু Nomadlands চোৱাৰ পিছত সেই স্বপ্ন বা যাত্ৰা কেনে হ’ব পাৰে,তাৰ স্বপ্নমধুৰতাৰ পৰিৱৰ্তে ৰুঢ় আৰু কঠিন বাস্তৱিকতাখিনি আৰু বেছি স্পষ্ট হৈ পৰিল।
“Into The wild” চোৱাৰ পিছত আৰু নিজৰ মাজৰ বহেমিয়ান তথা মাজে মাজে লক্ষ্য-উদ্দেশ্যহীনভাৱে কেনিবা হেৰাই যোৱাৰ,পলাই যোৱাৰ তাড়নাক Nomadlands য়ে আৰু বেছিকৈয়েইহে সাৰ-পানী যোগালে। Nomadalands য়ে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ চিনেমাৰ একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে,অৰ্থাৎ ৯৩ সংখ্যক একাডেমী বঁটা লাভ কৰিছিলে শ্ৰেষ্ঠ ছবিৰ বাবে।
মূখ্য চৰিত্ৰত অভিনয় কৰা ফ্ৰান্সিচ মেকড’ৰমেন্টে চকু-মুখৰ ভাষাৰেই নিজকে প্ৰকাশ কৰা অনবদ্য অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে।
২০০৭ ৰ পৰা ২০০৯ পৰ্যন্ত চলা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেট ৰিচেছন(আৰ্থিক মন্দাৱস্থা)ৰ চিকাৰ হোৱা অন্যান্য বহুলোকৰ লগতেই বিশেষকৈ বয়স্ক ব্যক্তিসকল কেনে দুৰ্যোগৰ মাজেৰে গৈছিলে-তাক লৈ জেছিকা বাৰ্ডাৰ নামৰ লেখিকাগৰাকীৰ একে নামৰ কিতাপখনৰ ভেটিত এই চিনেমাখনৰ নিৰ্মাণ কৰা হৈছিলে।
পৰিচালক-ক’লে ঝাও। শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতেই শ্ৰেষ্ঠ পৰিচালক(ক’লে ঝাও)ৰ বঁটাসহ মুঠ তিনিটি একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয় Nomadlands য়ে।
মূখ্য চৰিত্ৰটো হৈছে এগৰাকী ৬০ উৰ্দ্ধৰ নাৰী ফাৰ্নৰ। আৰ্থিক মন্দাৱস্থাৰ পিছত একমাত্ৰ আপোন বুলি থকা দীৰ্ঘকালৰ জীৱনসংগীৰ মৃত্যুৰ পিছত আৰ্থিকভাৱে পৰি যোৱা,কোনো সংস্থাপন আৰু জমাধনো নোহোৱা ফাৰ্নৰ এখন কেৰাভানত আমেৰিকাৰ দেশে-প্ৰদেশে ঘূৰি ফুৰা,যি কাম পাই তাকে কৰি পেট প্ৰৱৰ্তোৱা,নিজৰ দৰেই বা আন বহু যাযাবৰী জীৱন কটোৱা লোকৰ সংস্পৰ্শলৈ অহা,সম্পৰ্ক গঢ়ি তোলা,কিন্তু এই সকলোৰে উৰ্দ্ধত একান্তই নিজতেই হে আবদ্ধ হৈ ৰোৱা-এইবোৰক লৈয়েই চিনেমাখনৰ কাহিনীভাগ।
অ,হয়,মাজে মাজে ফাৰ্নো হতাশাত বা শোকগ্ৰস্ত হৈ ভাঙি নপৰা নহয়। শূন্যতাৰ মাজতে নিজৰ অস্তিত্ব,জীৱন জীওৱাৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে দোমোজাত ভূগিছে,আৰু অতীতৰ সংগীৰ স্মৃতিকাতৰতাতো ভূগিছে,কিন্তু অতি নাটকীয়তাৰ ক’তো কোনো অৱকাশ নাই।
না না,মই মূখ্য চৰিত্ৰটি(ফাৰ্ন)ৰ প্ৰতি সহানুভূতিশীল হোৱাৰ কথা ক’বলৈ যোৱা নাই!নিজৰ মাজৰ এই একান্তই স্বতন্ত্ৰ,অদম্য তাড়নাক এনে দুঃসাহসিকতাৰে আগুৱাই নিবলৈ প্ৰয়োজন হোৱা এই দুঃসাহসিকতা আৰু শক্তিক-যথোপযুক্ত সন্মান যঁচা হে জৰুৰী।
নিজে কিমানবাৰ এনে হাবিয়াস মনলৈ আনিও,থমকি ৰৈছো,খোজ পিছোৱাইছো ব্যক্তিগত,আৰ্থিক,পৰিবেশকেন্দ্ৰিক,সামাজিক,ভৌগোলিক
(মূলতঃ মানসিক)সীমাবদ্ধতাৰ বাবে!!এনেদৰে যাযাবৰী যাত্ৰা কৰাৰ প্ৰৱণতা পাশ্চাত্যৰ দেশসমূহৰ লোকৰ মাজত বেছিকৈ দেখা যায় যদিও,আজিকালি লাহে লাহে এনেধৰণৰ জীৱন-ধাৰণৰ প্ৰক্ৰিয়াৰ প্ৰচলন কম পৰিমাণে হ’লেও আমাৰ দেশতো আৰম্ভ হৈছে। বিশেষকৈ ট্ৰেভেল ব্ল’গ আদিৰ বাবে চিৰস্থায়ী ৰূপত নহ’লেও এনে যাত্ৰা কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
কিমানদূৰলৈকে আগুৱাবৰ চিন্তা কৰিব পাৰে আপুনি হাতত পৰ্যাপ্ত অৰ্থ নোহোৱাকৈ,উপাৰ্জনৰ কোনো স্থায়ী বাট নোহোৱাকৈ,কোনো আপোনজন নোহোৱাকৈ,কেতিয়াবা উভতি যাব পৰাকৈ এধানি আশ্ৰয়স্থলো নোহোৱাকৈ?তাকো মাথোঁ এখন কেৰাভানক পাথেয় কৰি?কিদৰে নিজৰ কমফৰ্ট জ’ন(Comfort zone) বা সুগম স্থিতি নিজৰ ঘৰখন হোৱাৰ সলনি এখন চলন্ত গাড়ীহে হৈ উঠিব পাৰে?
এই সমস্ত অনিশ্চয়তাক লৈ এগৰাকী ৬০ উৰ্দ্ধৰ নাৰী(ফাৰ্ন)ৰ এই যাত্ৰা,ক’লৈকে যাব পাৰে?কি পাব পাৰে তেওঁ এই যাত্ৰাৰ মাজেৰে?কি স্থিতিত পৰি,কিহৰ তাড়নাত,কিহৰ সন্ধানত,কি নেপাই বা কি পায়ো হেৰুৱাই,বা প্ৰাপ্তিৰ সকলো হাবিয়াসেই ত্যাগ কৰি এনেদৰে ভ্ৰমি ফুৰিছে তেওঁ ? Nomadlands অকল ফাৰ্নৰ কাহিনী নহয়,এনে বহু বহেমিয়ান(গৃহহীন নহয়-ফাৰ্নৰ মতে)ৰ যাত্ৰাক সাঙুৰি লোৱা হৈছে Nomadlands ত।
মাজে মাজে শুষ্কভূমিৰ মাজত থিয় দি থকা ডাঙৰ ডাঙৰ কাঁইটীয়া কেকটাছৰ ব্যৱহাৰ চিনেমাখনৰ সামগ্ৰিক পৰিবেশ-পৰিস্থিতিৰ সৈতে খাপ খোৱা,লগতে আৱহ-সংগীতো। চিনেমাখনৰ বহুখিনিতেই নিজকে কৰোবাত বিচাৰি পোৱাৰ এক অনুভৱ পালো। এক কথাত ফাৰ্নে(ফ্ৰান্সিচ মেকড’ৰমেন্ট)হৃদয় জিনিলে। আগ্ৰহীসকলৰ বাবে চিনেমাখন ডিজনী হটষ্টাৰত উপলব্ধ।