।
ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: ডিব্ৰুগড়ৰ এক নিচামুক্তি কেন্দ্ৰত কৰা অমানুষিক অত্যাচাৰ-নিৰ্যাতন সহ্য কৰিব নোৱাৰি গণ্ডাই গণ্ডাই আবাসিৰ পলায়নৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।প্ৰত্যাৱৰ্ত্তন নামৰ নিচামুক্তি কেন্দ্ৰৰ পৰা পৰা আজিলৈ ৪০ গৰাকীকৈ আৱাসী পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে থানাত গোচৰ তৰিছে।আনহাতেদি নিজ সন্তানক আজি কেন্দ্ৰটোত বিচাৰি নাপাই বা কোনো সম্ভেদ নাপোৱাত এক হাহাকাৰ পৰিস্থিতিৰ স্বৃষ্টি হৈছে।
প্ৰকৃততে নিচামুক্তি(সকলো ধৰনৰ নিচাসক্ত ব্যক্তিক ৰখা হয়) কেন্দ্ৰৰ নামত কি চলিছে ডিব্ৰুগড়ত গাহৰিৰ গড়াল সদৃশ পৰিবেশত ৰাখি অকৰ্থ্য আৰু অমানুষিক অত্যাচাৰ-নিৰ্যাতন চলায়ে ক্ষান্ত নাথাকে;পৰিয়ালৰ লোকে সন্তানৰ বাবে দি থৈ যোৱা খাদ্য সামগ্ৰী,টকা আৰু অনান্য আনুসংগিক বয়-বস্তু এই প্ৰত্যাৱৰ্ত্তন নামৰ কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে উদৰস্থ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।যাৰ বাবে যোৱা নিশাটোৰ ভিতৰতে প্ৰাণ লৈ পলায়ন কৰে ৪০ গৰাকীকৈ আৱাসী।ৰাজ্যত মাৰাত্মক ড্ৰাগছকে ধৰি নিচা জাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি হৈ নৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ গতি কৰাৰ সুযোগ গ্ৰহণ কৰি একাংশই কু-চক্ৰান্তৰে এনেদৰে আসক্তি মুক্তি কেন্দ্ৰ খুলি কেৱল মুনাফা লুটিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে চলাইছে ব্যাপক লুন্ঠন।ডিব্ৰুগড়ৰ পশ্ছিম মিলন নগৰৰ “অ” গলিস্থিত তথা যোৱা ২০১৬ চনত স্থাপিত হোৱা ‘পত্যাৱৰ্ত্তন’ নামৰ এক নিচামুক্তি কেন্দ্ৰৰ পৰা ৪০ গৰাকীকৈ আৱাসী একেদিনাই পলায়ন কৰা ঘটনাই সৰ্বত্ৰ ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।কিছু বছৰৰ পূৰ্বে এগৰাকী ড্ৰাগচ পৰিত্যাগ কৰা নাৰায়ন উপাধ্যায় নামৰ ব্যক্তি জনে মুল সূতিলৈ ঘূৰি আহি ‘প্ৰত্যাৱৰ্ত্তন’ নামৰ ৰিহেবিলেচন চেন্টাৰটো স্থাপন কৰিছিল।প্ৰত্যাৱৰ্ত্তন নামেৰে স্থাপন কৰা এই চেন্টাৰত ডিব্ৰুগড়ৰ লগতে ধেমাজি,চিলাপথাৰ,জোনাই,তিনিচুকীয়া,নামচাই,মাৰ্ঘেৰটা,কাকপথাৰ,শিৱসাগৰ,যোৰহাট,গোলাঘাট আদি বিভিন্ন স্থানৰ পৰা বিভিন্ন নিচাত আসক্ত ব্যক্তিক এই চেন্টাৰত ভৰ্তি কৰোৱা হয়।সকলো বিনামূলীয়া যদিও চিকিৎসাৰ লগতে অনান্য আনুসংগিক খৰচৰ বাবে প্ৰতিজন আসক্ত ব্যক্তিৰ পৰা প্ৰতিমাহত ছয় হেজাৰ পৰা দহ হেজাৰ পৰ্যন্ত সংগ্ৰহ কৰে উক্ত কেন্দ্ৰটোৱে।অতি সৰু সৰু কোঠাত চাৰি-পাঁচজনকৈ ব্যক্তিক ৰাখি বিভিন্ন মিছা অভিযোগত আৱাসীসকলক অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে।যাৰ বাবেই
অমানুষিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ইটোৰ পিছত সিটো আৱাসীকে ধৰি সৰ্বমুঠ ৪০ গৰাকীয়ে কিদৰে পলায়ন কৰিবলৈ সক্ষম হল,সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত।আনহাতে এনজিঅ টোত কোনো নিদিষ্ট স্থায়ী চিকিৎসক নথকাৰ লগতে আন আন আনুসংগিক নীতি নিয়ম সম্পূৰ্ণ উলংঘা কৰি ৮০ জনকৈ আবাসীক একমাত্ৰ ধনৰ লোভতেই ৰাখি থয় প্ৰত্যাৱৰ্ত্তন নামৰ NGOটোত।যদিহে এই সকল আৱাসীৰ কোনো সম্ভেদ পোৱা নাযায়,তাৰ বাবে জগৰীয়া হব কোন?এনজিটোৰ কতৃপক্ষই আৱাসী সকলৰ মাজত কাজিয়াৰ সুত্ৰপাত ঘটি এটা দলে দুৱাৰ ভাঙি পলায়ন কৰে বুলি দায়সৰা মন্তব্য কৰিছে।নিতৌ তলা মাৰি থোৱা আৰু দ্বাৰৰক্ষী থকাৰ পিছতো কেনেকৈ পলায়ন কৰাৰ সুযোগ পালে?তদুপৰি ৪০ গৰাকীকৈ আবাসী(যুৱক)পলায়ন কৰাৰ পিছতো তাৎক্ষনিকভাবে আৰক্ষীক অৱগত নকৰিলে কিয় বুলিও সততে প্ৰশ্ন উথাপিত হৈছে।
আনহাতেদি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত আৰু বিভাগীয় কতৃপক্ষক বহু বাৰ NGOৰ কু-কৃৰ্তী সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতো কোনো প্ৰদক্ষেপ নকৰাৰ বিষয়টোও ৰহস্যৰ আৱৰ্ত্তত সোমাই পৰিছে।উল্লেখযোগ্য যে,
কিছু দিন পূৰ্বে আগষ্ট মাহত ডিব্ৰুগড়ৰ হাতীমূড়া গাঁওত থকা আন এটা এনে নিচামুক্তি কেন্দ্ৰত শাৰীৰিক নিৰ্যাতনৰ ফলতেই মৃত্যু হৈছিল এজন টেঙাখাট অঞ্চলৰ যুৱক।তেনেস্থলত এনেবোৰ কেন্দ্ৰৰ বিৰুদ্ধে যদি সময় থাকোঁতেই জিলা প্ৰশাসনে যথাবিহিত ব্যৱস্থা গ্ৰহণ নকৰে,তেন্তে পৰৱৰ্তী সময়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হব পাৰে।












