
বহু জল্পনা-কল্পনাৰ অন্তত বুধবাৰে সম্প্ৰসাৰণ ঘটিছিল হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া চৰকাৰৰ মন্ত্ৰীসভাৰ৷ তাত স্থান লাভ কৰে নলবাৰীৰ বিজেপি বিধায় জয়ন্তমল্ল বৰুৱা আৰু হাফলঙৰ বিজেপি বিধায়িকা নন্দিতা গাৰ্লোচাই৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুয়োগৰাকী নতুন মন্ত্ৰীকে শপত বাক্য পাঠ কৰায় ৰাজ্যপাল জগদীশ মুখীয়ে৷
ইফালে জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছতে ৰাজ্যৰ মন্ত্ৰীসকলৰ দপ্তৰৰ সালসলনি ঘটোৱা হয়৷ তলত নতুন মন্ত্ৰীসভাৰ কাৰ ভাগত কি বিভাগ আছে দিয়া হ’ল-
ডঃ হিমন্ত বিশ্ব শৰ্মা- মুখ্যমন্ত্ৰী, গৃহ, ব্যক্তিগত, আবকাৰি আৰু অন্যান্য বিভাগ
ৰঞ্জিত কুমাৰ দাস- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, সাধাৰণ প্ৰশাসন৷
অতুল বৰা- কৃষি, উদ্যানশস্য, পশু চিকিৎসা, সীমান্ত অঞ্চল উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগ৷
উৰ্খাও গৌৰা ব্ৰহ্ম- হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ৷

চন্দ্ৰমোহন পাটোৱাৰী- পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী, সংখ্যালঘু কল্যাণ বিভাগ৷
পৰিমল শুক্লবৈদ্য- পৰিবহণ, মীন আৰু আবকাৰী বিভাগ৷
কেশৱ মহন্ত- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য আৰু প্ৰযুক্তি বিভাগ৷
ৰনোজ পেগু- শিক্ষা, জনজাতি উন্নয়ন, ভূমিপুত্ৰ আৰু জনজাতি সুৰক্ষা আৰু সাংস্কৃতিক বিভাগ৷
অশোক সিংহল- হাউছিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন বিভাগ৷
যোগেন মহন- ৰাজহ আৰু প্ৰাকৃতিক দুৰ্যোগ, পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ৷
সঞ্জয় কিষাণ- চাহ জনজাতি কল্যাণ, শ্ৰমিক কল্যাণ বিভাগ৷
অজন্তা নেওগ- বিত্ত, মহিলা আৰু শিশু উন্ন.ন বিভাগ৷
পীযূষ হাজৰিকা- জলসম্পদ, তথ্য আৰু যোগাযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ৷
বিমল বৰা- উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা বিভাগ৷
নন্দিতা গাৰ্লোচা- শক্তি, সমন্বয়, খনি আৰু খনিজাত, ভূমিপুত্ৰ আৰু জনজাতি সুৰক্ষা আৰু সাংস্কৃতিক বিভাগ৷
জয়ন্তমল্ল বৰুৱা- জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগ৷













