
কোভিডৰ সময়ত ৰাজ্যত পি পি ই কীট যোগানৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব পৰিয়াল আৰু ব্যৱসায়িক ঘনিষ্ঠই সংঘটিত কৰা কেলেংকাৰী তদণ্ড দাবীত আম আদমী পাৰ্টী বৃহৎ বিক্ষোভ কাৰ্যসূচী।মহানগৰীৰ গণেশগুৰিত বৰষুণকো নেওচি ৰাজপথলৈ ওলাই আহিল প্ৰায় দুই শতাধিকতকৈ প্ৰতিবাদকাৰী।

পি পি ই কীট কেলেংকাৰী হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, কেলেংকাৰী চি বি আই তদণ্ড কৰক, মুখ্যমন্ত্ৰী হায় হায়, ৰিণিকি ভূঞা হায় হায়, বিজেপি মুর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
ইফালে আপৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে গণেশগুৰিত প্ৰায় শতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিত হয়।বিক্ষোভ কাৰ্যসূচী যাতে আগবাঢ়িব নোৱাৰে তাৰ বাবে গঢ়ি তোলে বৃহৎ বেৰিকেট।













