
ব্যক্তিগত বাহনত পুলিচ লিখি বিপদত এগৰাকী যুৱক। গুৱাহাটী মহানগৰী লতাশিল থানা যান-বাহন আৰক্ষী হাতত ধৰা পৰি ভৰিল জৰিমনা। উজানবজাৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ সমীপত লতাশিল আৰক্ষীয়ে পুলিচ লিখা এছ ১৭জি ৫৩১৯নম্বৰৰ ৱেগনাৰ বাহনখনক জৰিমনা বিহে। উল্লেখ্য যে বাহনখনৰ যুৱকজনে অৱগত কৰাৰ মতে পিতৃয়ে আৰক্ষীত কৰ্মৰত। তাৰ বাবে পুলিচ বুলি লিখা ইস্ত্ৰিকা লগোৱা হৈছিল।

ইফালে বাহনখনৰ আগফালে আৰু পিছফালে গ্লাছত লিখি ৰখা পুলিচ ইস্ত্ৰিকা আৰক্ষীয়ে আঁতৰাই পেলাই। তাপৰ্যপূৰ্ণ কথা যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে কোনোৱে ব্যক্তিগত বাহনত লিখিব নোৱাৰে পুলিচ।
ইফালে এনেদৰে পুলিচৰ ইস্ত্ৰিকা ব্যৱহাৰ কৰিও বহু সময়ত একাংশ দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰাৰো ঘটনা দেখিবলৈ পোৱা যায়।













