
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত দুই বিধায়ক। মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ তথা ৰাজনৈতিক সচিব নলবাৰী বিধায়ক জয়ন্তমল্লৰ বৰুৱা, হাফলং বিধায়ক নন্দিতা গাৰলোচাক মন্ত্ৰী হিচাপে নাম ঘোষণা। উল্লেখ্য যে বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে শপত ল’ব দুইয়োগৰাকী নতুন মন্ত্ৰীয়ে ।
তাপৰ্যপূৰ্ণ কথা যে দুইয়োগৰাকী বিজেপিৰে বিধায়ক আছিল। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএল আৰু অগপইয়ো দাবী কৰিছিল এজনকৈ মন্ত্ৰী কিন্তু শেষমুহূৰ্তত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ পৰাই দুইয়োজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰে।
ইফালে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব লগা বিজেপি দুইয়ো গৰাকী বিধায়ক ন-বিজেপি। পুৰণি বিজেপি বিধায়ক প্ৰশান্ত ফুকন, সিদ্ধাথ ভট্টাচাৰ্য, ৰঞ্জিত দত্তক মন্ত্ৰীৰ নিযুক্তি দিয়াৰ বাবে বিভিন্ন সময়ত বিজেপি জ্যেষ্ঠ নেতাই দাবী কৰিছিল যদিও শেষমুহূৰ্তত ন-বিজেপিয়ে লাভ কৰে মন্ত্ৰীত্ব।
তাপৰ্যপূৰ্ণ কথা হিমন্ত মন্ত্ৰীসভাত নতুন দুগৰাকী মন্ত্ৰীৰ নিযুক্তি পিছত মন্ত্ৰীসভাখন বৃদ্ধি পালে ১৬গৰাকীলৈ।অৱশ্যে এতিয়াও তিনিগৰাকী মন্ত্ৰী পদ খালি হৈ আছে হিমন্ত মন্ত্ৰীসভাত।













