
ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আগমনৰ পূৰ্বে হেলিপেড নিৰ্মাণৰ বাবে খণ্ডা এক বৃহৎ গাঁতত পৰি মৃত্যুমুখত পৰে এটি শিশু অনচ দাস আৰু ইয়াৰ সমান্তৰালকৈ কথমপি ৰক্ষা পৰে আন এটি শিশু দেৱাশীষ শইকীয়া। স্থানীয় ৰাইজৰ সংকটজনক অৱস্থাত উদ্ধাৰ কৰে দেৱাশীষক।
উল্লেখ্য যে, ডিব্ৰুগড়ত কেঞ্চাৰ হস্পিটেলৰ শুভ উদ্বোধন অনুষ্ঠানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ত জিলা প্ৰশাসনে অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ হিলৈধাৰীত নিৰ্মাণ কৰা এক অস্থায়ী হেলিপেইডৰ পুখুৰীত পৰি আকস্মিকভাৱে মৃত্যু হয় ১০ বছৰীয়া অনচৰ।
আনহাতে, পল্লব শইকীয়াৰ পুত্ৰ দেৱাশীষ শইকীয়াক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাৰ লগতে মৃত্যু হোৱা শিশু অনচ ডিব্ৰুগড়ৰ শিশু ভাৰতী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।
খবৰ অনুসৰি, দেৱাশীষ আৰু অনচ সন্ধিয়া ভাগত চাইকেল চলাই যাওঁতে অকস্মাৎ পানীৰে পৰিপূৰ্ণ হৈ থকা হেলিপেইডৰ বাবে খন্দা বৃহৎ পুখুৰীত অসাৱধানবশতঃ সোমাই পৰে। লগে লগে হোৱা-দোৱা লগাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিছিল যদিও এটি শিশুৰ লগে লগে মৃত্যু হয়।
যোৱা ২৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী ডিব্ৰুগড় কেঞ্চাৰ চিকিৎসা প্ৰতিষ্ঠানৰ উদ্বোধনৰ বাবে আহিছিল আৰু তেতিয়াই গড়কাপ্তনী বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত অস্থায়ীকৈ হিলৈধাৰীত নিৰ্মাণ কৰা হৈছিল হেলিপেইড। য’ত অৱতৰন কৰিছিল প্ৰধানমন্ত্ৰী।
কিন্তু হেলিপেইড নিৰ্মাণ সময়ত সমিপত খন্দা বৃহৎ গাত সমুহ পুনৰ পুতি পেলোৱা নাছিল । লগতে কোনো সংকেত চিহ্নও দিয়া নাছিল। যাৰ বাবেই আজি শোকাবহ ঘটনাটো সংঘটিত হবলৈ পালে বুলি সকলোতে ব্যাপক চৰ্চা হৈছে।












