![]()
সোমবাৰে নিশা ১০০ কিলোমিটাৰ গতিবেগৰ ধুমুহাত বিপর্যস্ত হয় নতুন দিল্লীৰ একাধিক এলেকা। শতাধিক গছ ৰাস্তাত উভালি পৰে। ভাঙিছে একাধিক ঘৰো। ধুমুহাই প্রাণ কাঢ়িছে দুই দিল্লীবাসীৰো। সোমবাৰে সন্ধ্যাৰ লগে লগে হঠাৎ ঘূৰ্ণী বতাহ আৰম্ভ হয়। নতুন দিল্লী আৰু মধ্য দিল্লীত ৰাস্তাত উভালি পৰে ইডালৰ পিছত সিডাল গছ। গছ পৰি পার্কিং স্থানত থকা গাড়ী চেপেটা হৈ যায়। একাধিক ঘৰৰ টিনৰ ছাল উৰুৱাই নিয়ে।প্রশাসনৰ সূত্র মতে, সৰু-ডাঙৰ মিলাই প্রায় ৮০টা ক্ষয়-ক্ষতিৰ ঘটনা ঘটে।

জুম্মা মছজিদৰ ওচৰত এটি ঘৰ খহি মৃত্যু হয় ৫০ বছৰীয়া কৈলাস নামৰ এজন ব্যক্তিৰ। দিল্লীৰ অঙ্গুৰিবাগত গছৰ চেপাত মৃত্যু হয় বচিৰ বাবা নামৰ আন এজন ব্যক্তিৰ। দিল্লী প্রশাসনৰ সূত্রে মতে, এই ধুমুহাত মূলত ক্ষতি হৈছে নতুন দিল্লী আৰু মধ্য দিল্লীৰ। দুঘণ্টা ধৰি তাণ্ডৱ চলায় ধুমুহাই। প্রায় ১৮০ডাল ডাঙৰ ডাঙৰ গছ উভালি পৰে। একাধিক ঘৰ আংশিকভাবে ক্ষতিগ্রস্ত হৈছে। উল্লেখ্য, ইয়াৰ পূৰ্বে ২০১৮ চনৰ ১৩ মে’ত ১০০ কিলোমিটাৰ গতিবেগৰ ধুমুহাত বিধ্বস্ত হৈছিল দিল্লীবাসী।










