![]()
শ্বাহৰুখ খানৰ পুত্র আৰিয়ানৰ বিৰুদ্ধে ড্ৰাগছ গোচৰত তদন্তকাৰী এনচিবি বিষয়া সমীৰ ৱাংখেড়েক চেন্নাইলৈ বদলি কৰা হ’ল। ড্ৰাগছ গোচৰত আৰিয়ান আৰু অন্যসকলক গ্রেপ্তাৰ কৰিছিল মুম্বাইৰ নার্কোটিক্স কন্ট্রোল ব্যুৰো (এনচিবি)ৰ প্রধান সমীৰে। সোমবাৰে তেওঁক বদলি কৰা হৈছে চেন্নাইলৈ। তাত টেক্সপেয়াৰ ছার্ভিচ ডিৰেক্টৰেটৰ ডিজি পদত নিয়োগ কৰা হৈছে সমীৰক। আনহাতে, বিশেষ তদন্তকাৰী দলে (ছিট) জনায় যে শ্বাহৰুখ-পুত্ৰৰ বিৰুদ্ধে অসত্য অভিযোগ আনিছিল ৱাংখেড়েই।
তাৰ পিছতেই তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ উপদেশ দিয়া হয়।এনচিবিত তেওঁৰ কাৰ্যকাল চলিত বছৰৰ আৰম্ভণিতেই শেষ হোৱাত মুম্বাই ডিআৰআইৰ আইআৰএছ হিচাবে নিযুক্ত হয় সমীৰ। এইবাৰ তাৰ পৰা চেন্নাইলৈ বদলি কৰা হয় ২০০৮ বেচৰ এইগৰাকী আইআৰএছক। সূত্রৰ খবৰ মতে, অহা ১০ জুনত নতুন পদত দায়িত্ব গ্ৰহণ কৰিব ‘বিতর্কিত’ আইআৰএছ বিষয়াজনে।
উল্লেখ্য, ২০২১ চনৰ ২ অক্টোবৰত মুম্বাই উপকূলত এখন প্রমোদতৰীত অভিযান চলায় এনচিবিয়ে। উক্ত অভিযানৰ নেতৃত্বত আছিল সমীৰ। তাৰ পৰাই ড্ৰাগছ-সংযোগৰ অভিযোগত গ্রেপ্তাৰ হৈছিল আৰিয়ান আৰু তেওঁৰ সঙ্গীসকল।













