ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ সমীপবৰ্তী ইটাপাৰাৰ ৰৌমাৰিত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই এটা হস্ত নিৰ্মিত পিষ্টলসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
নগাঁও নগৰ শাখাৰ উপ-পৰিদৰ্শক গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্রৰ পম খেদি অভিযান চলাই পিষ্টলসহ যুবকজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুবকজনৰ নাম ইক্ৰামূল ইছলাম। ইক্ৰামূল ইছলামৰ জিম্মাৰ পৰা আৰক্ষীয়ে হস্তনিৰ্মিত পিষ্টলটোৰ লগতে এটা থ্ৰী নট থ্ৰী বন্দুকৰ সজীৱ গুলীও উদ্ধাৰ কৰে।
পিষ্টল আৰু গুলীটো ঘৰৰ ভিতৰত থকা ধানৰ ডুলিৰ ভিতৰত ভৰাই থোৱা অৱস্থাত আছিল ৷ জানিব পৰা মতে ইক্ৰামূলক ইয়াৰ পূৰ্বেও ড্ৰাগছৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল












