
গুৱাহাটী মহানগৰীৰ হাটীগাওঁ ফ্রেণ্ডচ পথত মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমী লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযোগত দম্পতীক গ্ৰেপ্তাৰ। হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই কামৰূপৰ ছয়গাঁও পৰা গ্ৰেপ্তাৰ কৰে ধৃত দম্পতীদ্বয়ক। ২৪৬/২২ নম্বৰ গোচৰৰ ভিত্তিত সবুৰ আলি আৰু পত্নী আন্না খাতুনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে অৱগত কৰা মতে প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ডকাইতি কৰিবলৈ আহি সংঘটিত কৰিছিল হত্যাকাণ্ড। বিভিন্ন ধৰণৰ অপৰাধৰ ঘটনাৰে ধৃত সুবুৰ আলি জড়িত হৈ থকা বুলি হাতীগাঁও আৰক্ষীয়ে জানিব দিয়ে। পূৰ্বতে তেওঁ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈছে।
“পত্নী আন্না খাতুনে মানুহৰ ঘৰত কাম কৰে। কাম কৰিব আহোঁতে পৰ্যবেক্ষণ কৰে ঘৰসমূহ। তলা লাগি থকা ঘৰসমূহক তেওঁলোকে লক্ষ্য কৰি কয়। অৰ্থাৎ স্বামীক ডকাইতি কাণ্ডত সহায় কৰে ধৃত পত্নীয়ে-তদন্তকাৰী আৰক্ষীয়ে জনাই এই কথা।
শুকুৰবাৰে নিশা অভিযান চলাই ছয়গাঁও জোৰশিমলু পৰা গ্ৰেপ্তাৰ কৰিছে ধৃত অভিযুক্তক।উল্লেখ্য যে ২৩ মে’ নিশা হাতীগাঁও শংকৰ-আজান পথৰ ৪৪নং বাসগৃহত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।












