
অইলত চাকৰি দিয়া নামত ধন লোৱা প্ৰৱঞ্চকৰ পিঠিত ঔ কিল। গুৱাহাটীৰ ৰুক্মিনীগাঁৱত ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধালে চাকৰি নামত ধন লোৱা প্ৰৱঞ্চক ধৃত বিবেক পাঠকক।
উল্লেখ্য ৰুক্মিনীগাঁৱৰ মৃদুল কলিতা নামৰ এজন যুৱকৰ পৰা দুলীয়াজান অইলত চিভিল ইঞ্জিনিয়াৰিঙৰ চাকৰি দিয়াৰ নামত লৈছিল ১ লাখ ২০ হাজাৰ টকা। শনিবাৰে মহানগৰী ছয়মাইলত এগৰাকী যুৱতীক চাকৰি সাক্ষাৎকাৰ ল’বলৈ আহোতে কৰায়ত্ত কৰে ঠগ-প্ৰৱঞ্চক বিবেক পাঠকক।
মৃদুল কলিতাৰ পৰিয়ালে চাকৰিৰ প্ৰসংগত জেৰা কৰাত চাকৰি দিব নোৱাৰাৰ কথা স্বীকাৰ কৰে প্ৰৱঞ্চক বিবেকে। ৰুক্মিনীগাঁৱৰ একাংশ ৰাইজে লপা-থপা দিয়ে প্ৰৱঞ্চকটোক।
ইফালে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰৱঞ্চকটোক। অভিযোগ অনুসৰি গুৱাহাটীৰ মৃদুল কলিতাকে ধৰি বহু যুৱক-যুৱতীক টাৰ্গেট কৰি আহিছে এই চক্ৰটোৱে। চক্ৰটোত বিবেকৰ লগতে বুবুল দাস আৰু ৰীমা দাস নামৰ আন দুগৰাকী জড়িত থকাৰ কথা পোহৰলৈ আহিছে।
ইফালে ৰাইজৰ প্ৰহাৰত ধৃত বিবেকে কয়- এতিয়া লৈ ৭-৮ জনক ঠগিছোঁ। ২০ হাজাৰকৈ কমিচন দিয়ে। ৰিমা দাস আৰু বুবুল দাস লগত মিলি বিভিন্নজনৰ পৰা চাকৰি দিয়াৰ নামত টকা লৈছিলোঁ। এতিয়ালৈ প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা বুলিও কয়।












