![]()
গুৱাহাটী মহানগৰীত চলন্ত চিটিবাছত যাত্ৰীক প্ৰহাৰ। কণ্ডাক্তৰৰ প্ৰহাৰত ৰক্তাক্ত যাত্ৰী। পবিত্ৰ দাস নামৰ যাত্ৰীগৰাকীক জোনালীৰ সমীপত বাছৰ ভিতৰতে অতি বেয়াকৈ প্ৰহাৰ কৰে কাণ্ডাক্টৰে।
উল্লেখ্য AS-01GC-6339 নম্বৰৰ চিটিবাছখনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘটনা সংঘটিত হোৱা পাছতেই পথৰ মাজতেই গাড়ী ৰখাই পলায়ন কৰে ধৃত কালু আলি নামৰ কাণ্ডাক্টৰজনে।

গুৰুত্বপূৰ্ণ কথা যে আক্ৰমণত যাত্ৰীগৰাকীৰ মুখমণ্ডল তেজেৰে লুতুৰী-পুতুৰী হৈ পৰে। দাঁত পৰ্যন্ত ভাঙি যায় যাত্ৰীগৰাকীৰ। চালকৰ মতে পবিত্ৰ দাসে কণ্ডাক্টৰৰ লগতে বাছত থকা অন্য যাত্ৰীসকলৰ লগতো তর্কত লিপ্ত হৈছিল।
ইফালে যাত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে মদ-ভাং খোৱাৰ কথা। গণেশগুৰি পৰা চান্দমাৰিলৈ যোৱা অৱস্থা এই ঘটনাটো সংঘটিত হয়।













