![]()
নদী কেৱল বহ্নিমান জলস্রোত নহয়, নদী প্ৰকৃততে এখন দেশৰ জীৱনৰেখা। শনি আৰু দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় নদী সন্মিলন। যাৰ নাম হৈছে এচিয়ান কনফ্লুয়েন্স ৰিভাৰ কনক্লেভ ২০২২।
আনহাতে, নদী শব্দটি হৈছে নেচাৰেল এলাইচ ইন ডেভলপমেন্ট এণ্ড ইন্টাৰডিপেন্ডেন্সৰ সংক্ষিপ্ত ৰূপ। বঙ্গোপসাগৰৰ উপকূল অঞ্চলৰ প্রতিবেশী দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধি ইয়াৰ লক্ষ্য।
এই সন্মিলনৰ আয়োজক এচিয়ান কনফ্লুয়েন্স, সহযোগিতা ভাৰত আৰু বাংলাদেশৰ বিদেশ মন্ত্ৰালয়, অসম চৰকাৰ, উত্তৰ–পূর্বাঞ্চল পৰিষদ, বাংলাদেশ ফাউন্ডেচন ফৰ ৰিজিঅনেল ষ্টাডিজ আৰু ফ্রেইন্ডছ অব বাংলাদেশ। এই সন্মিলনত উদ্বোধনী ভাষণ দিব ভাৰতৰ বিদেশমন্ত্রী ড. এছ জয়শঙ্কৰে। বিশেষ বক্তৃতা প্ৰদান কৰিব বাংলাদেশৰ বিদেশমন্ত্রী ড. এ কে আব্দুল মোমেনে।
আৰম্ভণি বক্তব্য প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শর্মাই। সমাপ্তি অধিবেশনত ভাষণ দিব ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমন আৰু বাংলাদেশৰ জাহাজ মন্ত্রী খালিদ মাহমুদ চৌধুৰীয়ে। ভাৰত, বাংলাদেশৰ উপৰি চিঙ্গাপুৰ, কম্বোডিয়া, থাইলেণ্ড, ভূটান, ব্রুনেই, ইণ্ডোনেছিয়া, লাওছ, মালয়েচিয়া, ম্যানমাৰ, ফিলিপিনছৰ চৰকাৰী প্রতিনিধিসকলে অংশগ্ৰহণ কৰিব নদী সন্মিলনত। উপস্থিত থাকিব উচ্চ পর্যায়ৰ কূটনীতিক আৰু আমোলা, বিজ্ঞানী, নদীসম্পদ বিশেষজ্ঞসকল।
দক্ষিণ এচিয়াৰ জলসম্পদ উন্নয়ন আৰু তাক কামত লগাই জনমুখী প্রকল্প গঢ়ি তোলাই ইয়াৰ প্রধান লক্ষ্য।













