
দিল্লীত অৰবিন্দ কেজৰীৱাল চৰকাৰে মহিলা সুৰক্ষা বাবে বিনামূলীয়া বাছসেৱা আৰম্ভ কৰা দেখি অসম চৰকাৰে গুৱাহাটীতো আৰম্ভ কৰিছিল বিনামূলীয়া গুলপীয়া বাছ সেৱা।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাচল কৰিছিল ২৫খনকৈ বিনামূলীয়া এই বাছ। ২০২১ নির্বাচন পূর্বে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীবাসী মহিলা-জ্যেষ্ঠ নাগৰিকৰ সুবিধা বাবে মুকলি কৰিছিল বিনামূলীয়া বাছসেৱা।
“ভ্ৰমণ সাৰথি” নামেৰে নামাকৰণ কৰা এই বিনামূলীয়া বাছসেৱা পুঁজি অভাৱত বৰ্তমান সময়ত বন্ধ হোৱা উপক্ৰম হৈছে। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালত ২০২১ চনৰ ৯জানুৱাৰীত খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুকলি হোৱা এই বাছ বৰ্তমান ৪খনহে গুৱাহাটীত চলাচল কৰে আছে। ২১ খন বাছ পুঁজি অভাৱত বন্ধ কৰিছে বিভাগে।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ সূত্ৰ পৰা পোৱা খবৰ মতে সোণোৱাল চৰকাৰৰ দিনত এই বাছসমূহ চলাচল কৰা বাবে প্ৰায় ৯১লাখ টকা আৱন্টন দিছিল কিন্তু বর্তমান এবছৰীয়া হিমন্ত চৰকাৰে বাছসমূহ চলোৱা বাবে কোনো পুঁজি মুকলি কৰি দিয়া নাই।
যাৰ ফলত বাছ চলাবলৈ আৰ্থিক সংকটত পৰিছে বিভাগ। দৈনিক ২৫ খন বাহন চলাবলৈ নূন্যতম প্ৰায় ৭০হাজাৰ টকা বিভাগক প্ৰয়োজন হয়।












