![]()
আজি গুৱাহাটীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৈঠকত ন্যূনতম মজুৰিৰ লগতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে জড়িত আন কেইবাটাও বিষয়ত আলোচনা কৰা হয়।
উক্ত বৈঠকতে ৰাজ্যৰ চাহ বাগিচাসমূহত শ্ৰম আইন মানি চলাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰে ১৫ দিনৰ ভিতৰত এখন কেবিনেট কমিটী গঠন কৰি চাহ বাগিচাৰ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ বিষয় সন্দৰ্ভত এক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে।
বৈঠকত কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পল্লৱলোচন দাস, সতীৰ্থ মন্ত্ৰী ডা: ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, যোগেন মহন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ নেতাসকল আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।













