ডিব্ৰুগড়,২০অক্টোবৰ:ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত লোমহৰ্ষক ঘটনা।দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই গোপালকসকলক, সশস্ত্ৰ সংগঠনৰ দৰেই এটা জনজাতীয় সংগঠনৰ নেতৃবৰ্গই চোকা অস্ত্ৰৰৰে আক্ৰমন কৰা,মহিলা,বৃদ্ধ,কেঁচুৱাক চোচৰাই চোচৰাই প্ৰহাৰ কৰি ঘৰ জ্বলাই দিয়া কাৰ্যই সৰ্বত্ৰে চাঞ্চল্যৰ স্বৃষ্ট কৰিছে।ঘটনাটো ডিব্ৰুগড় সমষ্টিৰ অৰ্ন্তগত ব্ৰহ্মপুত্ৰৰ বুকুত থকা চাৰখলীয়া চাপৰিত সংঘটিত হৈছে।ঘটনাটো কালি বিয়লি সংঘটিত হৈছে যদিও যোগাযোগ ব্যৱস্থা সুচল নোহোৱাৰ বাবে তথা দুৰ-সংযোগ বিভাগ দুৰ্বল হোৱাৰ বাবেই বহু পলমকৈ খবৰ লাভ কৰা হয়।

ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা নাওৰে প্ৰায় তিনি ঘন্টা অতিক্ৰম কৰিহে উক্ত চাৰখলীয়া চাপৰিৰ ৰামসিং ঘাট পাব পাৰি।অভিযোগ মতে চোকা অস্ত্ৰধাৰী প্ৰায় শতাধিক লোকে কালি বিয়লি উক্ত চাপৰিত উপস্থিত হৈ সকলো গোপালকক তেঁওলোকক দাবী কৰা ধন দিবলৈ হুমুকি দিয়ে।প্ৰতিগৰাকী গোপালকক দহ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল।ইমান বিশাল পৰিমানৰ ধন দিবলৈ অপৰাগতা প্ৰকাশ কৰাত,প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় উক্ত অস্ত্ৰধাৰী দলটো।ইয়াৰ পিছতে স্বৃষ্টি হয় এক অবৰ্ণনীয় পৰিবেশ।ঘৰৰ ভিতৰৰ পৰা সকলো পুৰুষ-মহিলা,কেঁচুৱাক বাহিৰলৈ উলিয়াই আনি প্ৰহাৰ কৰে।এনে অত্যাচাৰ সহিব নোৱাৰি পুৰুষ সকলে বাধা প্ৰদান কৰোতেই,হাতত লৈ থকা দা সদৃশ চোকা অস্ত্ৰৰৰে এফালৰ পৰা আক্ৰমন কৰে প্ৰতিহত কৰিব বিচৰা পুৰুষ সকলক।ফলত আদিত্য যাদব,ৰাধেশ্যাম যাদব,ৰঞ্জন যাদব আৰু মুৰালি যাদব গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়।ইয়াৰে মুৰালি যাদবৰ অৱস্থা অতি সংকটজনক হৈ পৰে।উক্ত ধন দাবী কৰা দলটো ইমানতে ক্ষান্ত নহৈ আদিত্য যাদব,মুক্তি যাদব আৰু ৰাধেশ্যামৰ কেঁচা ঘৰ তিনিটা জ্বলাই দিয়ে।ঘৰকেইটা নিমিষতে জ্বলি ভস্মিভুত হয়।ইফালে এই ঘটনা সংঘটিত কৰিয়েই উক্ত ধন দাবী কৰা দলটো ঘটনাস্থলীৰ পৰা হাবিৰ মাজেৰে পলায়ন কৰে।ইফালে ধন দাবী কৰা উক্ত দলটো টাকাম মিচিং পৰিণ কৌবাঙৰ(টি এম পি কে) ধেমাজি জিলাৰ লাইমেকুৰীৰ আঞ্চলিক সমিতিৰ একাংশ বিষয় ববীয়া বুলি গুৰুতৰ অভিযোগ উথাপিত হৈছে।উক্ত সমিতিয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উক্ত ৰামসিংঘাটৰ চাপৰিৰ গোপালক সকলক দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আহিছিল বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰাৰ লগতে আৰক্ষী আৰু উপায়ুক্তক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল।ঘটনাৰ খবৰ লাভ কৰি আজি পুৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুবজ্যোতি বৰাৰ নেতৃত্বত এক বিশাল দল ৰাওনা ঘটনাস্থলীলৈ।












