
অহা ৮জুনত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কাৰ্বি আংলঙৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ তিনি ঠাইত ক্ৰমে, ডিফু বোকাজান আৰু হামৰেণত প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে।
ইয়াৰে হামৰেণ নিৰ্বাচনী জিলাৰ বাবে ক্ৰমে,দুৱাৰ আমলা, আমৰি, চিণ্ঠং, ছচেং, ৰংখাউ, বিথুং ৰেংথামা, কপিলী, হামৰেণ আৰু আমৰেং পৰিষদীয় সমষ্টি।
ডিফু নিৰ্বাচনী জিলাত ক্ৰমে হাওৰাঘাট,লাংফেৰ, ফুলনি, লাংহিন, কৰকাণ্ঠি, মহামায়া, নমাটি, লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টি বোকাজান নিৰ্বাচনী জিলাত ছচেংধেন্টা, বৰজান, সৰুপথাৰ, বোকাজান, দেউপানী, নিলীপ আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত পৃথকে পৃথকে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত শাসক বিৰোধি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দলীয় সমৰ্থক কৰ্মীৰ সৈতে সমদল কৰি মনোনয়ন দাখিলৰ বাবে অহা পৰিলক্ষিত হয়।
আনহাতে, আম আদমি পাৰ্টীৰ প্ৰাৰ্থীসকলে প্ৰথমবাৰৰ বাবে দলীয় সমৰ্থকসকলক লৈ মনোনয়ন দাখিল কৰা দেখা যায়। ইয়াৰোপৰি বিজেপি আৰু কংগ্ৰেছৰ পৰা টিকট বঞ্চিত একাংশ প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে।
ইয়াৰে ডিফু নিৰ্বাচনী জিলাৰ ১০ খন পৰিষদীয় সমষ্টিৰ বাবে ৬৯ খন, হামৰেণ নিৰ্বাচনী জিলাৰ ৯ খন পপিষদীয় সমষ্টিৰ বাবে ৫০ খন আৰু বোকাজান নিৰ্বাচনী জিলাৰ ৭ খন পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৪৫ গৰাকী শাসক, বিৰোধী আৰু নিৰ্দলীয় দলে মনোনয়ন পত্ৰ দাখিল কৰে ৷ শাসকীয় দলৰ প্ৰাৰ্থী হৈ ডিফুত মনোনয়ন পৰ্বত সংগ দিয়ে জিলাখনৰ অভিভাৱক তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন, বিধায়কদয় বিদ্যাছিং ইংলেঙ আৰু দৰছিং ৰংহাঙ।
হামৰেণত মনোনয়ন পৰ্বত বিজেপিৰ প্ৰাৰ্থী হৈ উপস্থিত থাকে সাংসদ হৰেণছিং বে’ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক ৰূপছিং টেৰণ উপস্থিত থকাৰ বিপৰীতে বোকাজান মনোনয়ন পৰ্বত বিজেপিৰ হৈ স্থানীয় বিধায়ক ডাঃ নোমল মমিন উপস্থিত থাকে।
আনহাতে, কাৰ্বি আংলঙ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দলীয় সমৰ্থক কৰ্মীৰ হষোল্লাসৰ মাজত সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত সাজ-পাৰ পিন্ধি বিথুংৰেংথামা সমষ্টিৰ বাবে হামৰেণত মনোনয়ন পত্ৰ দাখিল কৰে।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পিযুষ হাজৰিকা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু মন্ত্ৰী যোগেন মহনে এইবাৰ কাৰবি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ২৬ খন পৰিষদীয় সমষ্টিৰ আটাই কেইখনতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব বুলি কয় ৷ ইয়াৰোপৰি কংগ্ৰেছেও ১০০ শতাংশ বিজয় সাব্যস্ত কৰিব বুলি কয় ৷












