ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ বাবে সুখবৰ! ডিফু চিকিৎসা মহাবিদ্যালয়ত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিলে তিনিটাকৈ সুস্থ কন্যা সন্তান৷
প্ৰাপ্তখবৰ অনুসৰি যোৱা ১৫ মে’ বোকাজানৰ সঞ্জয় মজুমদাৰৰ গৰ্ভৱতী পত্নী ৰিংকু মজুমদাৰক বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰসূতিজনিত কাৰণত ভৰ্তি কৰে যদিও তাৰ পৰা মহিলাগৰাকীক ডিফুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে ৷
ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৰিংকু মজুমদাৰে ১৫ মে’, পুৱা ৫ বজাত সাধাৰণ পদ্ধতিৰে তিনিটাকৈ সুস্থ কন্যা সন্তানৰ জন্ম দিয়ে ৷
কন্যা সন্তান তিনিটাৰ ওজন ক্ৰমে, ১’৫ কেজি, ২ কেজি আৰু ১’৯ কেজি ৷ তিনিওটা শিশু যতন কক্ষত সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে ৷ কন্যা সন্তান তিনিটা জন্ম দিয়াৰ পিছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্পূৰ্ণ সুস্থ হৈ আছে ৷