কেৰিয়াৰৰ অন্যতম গুৰুত্বপূর্ণ আৰু স্মৰণীয় অধ্যায়ৰ মাজেৰে পাৰ কৰিছে অভিনেত্রী আলিয়া ভাট। বিয়াৰ পিছতেই অনুৰাগীসকলক সুখবৰ দিলে তেওঁ।
এইবাৰ হলিউডত অভিষেক ঘটিবলৈ আগবাঢ়িছে আলিয়াৰ। ছবিখনৰ শ্বুটিঙৰ কাৰণে বৃহস্পতিবাৰে মুম্বাইৰ পৰা বিমানেৰে ৰাওনা হৈছে তেওঁ। যাত্রাপথৰ এখন ছেলফি পোষ্ট কৰি সুখবৰটি জনাইছে আলিয়াই।
পিন্ধনত সাধাৰণ পোছাক, উন্মুক্ত চুলি। পাতল প্ৰসাধন। ছেলফি পোষ্ট কৰি কেপচনত আলিয়াই লিখিছে, ‘মোৰ প্রথম হলিউড ছবিৰ শ্বুটিঙৰ বাবে ৰাওনা হৈছো। নৱাগতৰ দৰে অনুভূতি হৈছে। অতি নার্ভাছ। সকলোৰে শুভকামনা বিচাৰিলো।’
আলিয়াৰ সাফল্যত সুখী তেওঁৰ পৰিয়ালৰ পৰা বি টাউনৰ তাৰকাসকলো। মাতৃ ছোনি ৰাজদান, ঋদ্ধিমা কাপুৰ, পূজা ভাট, ৰীতেশ দেশমুখ, অর্জুন কাপুৰ, নেহা ধুপিয়া, মণীষ মালহোত্রা, দিয়া মির্জা, হুমা কুৰিশী সকলোৱেই শুভেচ্ছা জনাইছে অভিনেত্রীগৰাকীক।