সৰ্থেবাৰীৰ নামশালাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। আই ২০ এখন বাহনে একেবাৰতে মহতিয়াই নিলে ৫ খনকৈ বাইকৰ লগতে চাৰিগৰাকী পথচাৰীক। থিতাতে নিহত হয় ২ গৰাকী লোক।
নলবাৰী দিশৰ পৰা আহি থকা এ এছ ০১ এপি ৮৩৪৯ নম্বৰৰ আই ২০ বাহনখন বনিয়াৰকুছিৰ। বাতৰি লিখা সময়লৈকে,নিহতৰ সংখ্যা বৃদ্ধি হৈ পালেগৈ তিনি গৰাকী। এই নিহত লোককেইজন হৈছে ক্ৰমে নামশালাৰ প্ৰণৱ ভূঞা,চিত্ত ভূঞা আৰু কাৰাকুছিৰ বিশিষ্ট ব্যৱসায়ী হৰগোবিন্দ ডেকা।
হৰগোবিন্দ ডেকাক নলবাৰীলৈ চিকিৎসাৰ বাবে নিয়াৰ পথত মৃত্যু হয়। নিজৰ দোকান বন্ধ কৰি স্কুটিৰে ঘৰলৈ গৈ থকা পথত হৰগোবিন্দ ডেকা এই দুৰ্ঘটনাত পতিত হয়।
লগতে, আহত কেইগৰাকী হৈছে ক্ৰমে হৰেকৃষ্ণ ভূঞা,সুৰজিত ডেকা,হৰবল্লভ ভূঞা,মনজিত ভূঞা। এক্সিডেন্ট জন হিচাবে চিহ্নিত নামশালাত ৰহস্যজনক ভাৱে এই দুৰ্ঘটনা সংঘটিত হয়।