মাজে-সময়ে বাহিৰত খাদ্য প্ৰায় সকলোৱে খাবলগা হয়। খুব সর্তক থাকিলেও এদিন-দুদিন হয়তো প্রিয় খাদ্য অলপ বেছিকৈ খোৱা যায়। তাৰ পিছত হঠাৎ আগতীয়া কোনো ইঙ্গিত নিদিয়াকৈয়ে আৰম্ভ হয় প্রচণ্ড পেটৰ বিষ। পেট বেয়ালগা, বমি ভাব বা এচিডিটিৰ বিভিন্ন ধৰণৰ ঔষধ বা সমাধান আছে।
কিন্তু পেটৰ বিষৰ তেনে কোনো সমাধান নাই। বহু সময়ত প্রচুৰ পৰিমাণে পানী খালে পেটৰ সকলৈ বিষাক্ত পদার্থ শৰীৰৰ পৰা বাহিৰ ওলাই যায়। তাৰ পৰাও কিন্তু পেটৰ বিষত নিস্তাৰ পোৱা নাযায়। কিন্তু এনে কিছু ঘৰুৱা দিহা আছে, যিয়ে পেটৰ যন্ত্রণাৰ পৰা ক্ষন্তেকতে মুক্তি দিয়ে।
আদাঃ
বমি ভাব আৰু পেটৰ বিষ কমাবলৈ আদা চাহ খাব পাৰে। শৰীৰৰ সকলো ধৰণৰ প্রদাহ দূৰ কৰাত আদাই সহায় কৰে। ৰন্ধনত, কেঁচাই বা চাহত দিও আদা খাব পাৰে৷
কাচকলঃ
অলপ পেট বেয়া হ’লে কাচকল দি শিঙি মাছৰ জোল খোৱাৰ ৰীতি আছে। কাচকল সিদ্ধ কৰি খালেও পেটৰ বিষ আৰু পেটৰ প্রদাহ কমোৱাত সহায় কৰে। কাচকলত আছে ভিটামিন বি-৬, ফোলেট আৰু পটাচিয়াম। শৰীৰৰ কোনো পেশীত টান অনুভৱ কৰিলে, বিষ হ’লে সেয়া কমোৱাত সহায় কৰে কাচকলত থকা এই খনিজবোৰে।
দৈঃ
শৰীৰত পেটৰ বেক্টেৰিয়াৰ ভাৰসাম্যত তাৰতম্য হ’লেও পেট বিষাব পাৰে। সেয়ে দৈৰ দৰে প্রোবায়োটিক খালে সেই ভাৰাসাম্য বজায় ৰাখি পেটৰ বিষ কম কৰিব পাৰে। এই কাৰণেই পেটৰ সমস্যা হ’লে দৈ-ভাত বা দৈ-চিৰাৰ দৰে খাদ্য খোৱাৰ কথা কোৱা হয়।