![]()
আজি জনতা ভৱনত আদানি গ্ৰুপৰ এক প্ৰতিনিধি দলৰ সৈতে এক বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উক্ত বৈঠকত ৰাজ্যখনৰ বিভিন্ন উদ্যোগ-বাণিজ্য সন্দৰ্ভত প্ৰতিনিধি দলটোৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে।

ৰাজ্যত ব্যৱসায়িক গোটটোৰ ইতিমধ্যে বিদ্যমান আৰু প্ৰস্তাৱিত বিনিয়োগৰ সৈতে জড়িত বিষয়সমূহৰ সম্পৰ্কেও আলোচনা কৰা হয়। জনসাধাৰণে যাতে ৰন্ধন গেছৰ নিৰৱচ্ছিন্ন যোগানৰ সুবিধা লাভ কৰে তাৰ বাবে অসমত এলপিজিৰ পাইপ লাইন সংযোগৰ বিষয়ত বিশদ আলোচনা কৰা হয়।
লগতে অসমত চিএনজি ষ্টেচন স্থাপন সন্দৰ্ভতো আদানি গ্ৰুপৰ প্ৰতিনিধি দলটোৰ সৈতে আলোচনা কৰা হয় বুলি এক সূত্ৰত প্ৰকাশ।













