
গুৱাহাটী মহানগৰীৰ জনতাৰ বাবে আজি চৰম দুৰ্ভোগ।এফালে যদি যান-বাহনৰ গৰাকী চিন্তাত পৰিছে পেট্ৰল ডিজেল ক’ত পাব। অন্য ফালে আকৌ মহানগৰবাসী চিন্তাত পৰিছে কৃত্ৰিম বানপানীত কৰ্মস্থলীলৈ কিদৰে ওলাই যাব।
নৰ্থ-ইষ্ট পেট্ৰলিয়াম ডীলাৰ্চ এ’ছচিয়েচনৰ আহ্বান মৰ্মে আজি পুৱা ৫বজাৰ পৰা গুৱাহাটী লগতে ইয়াৰ উপকন্ঠ অঞ্চলত পেট্ৰল-ডিজেল বিক্ৰী অৰ্থাৎ পেট্ৰল পাম্পসমূহ বন্ধ ৰাখিছে।বৃহস্পতিবাৰে হঠাৎ কৰা ঘোষণাৰ অনুসৰি ২৪ঘন্টা বাবে পাম্পসমূহ বন্ধ ৰাখিছে।ফলত পুৱাৰ পৰা হাহাকাৰ সৃষ্টি হৈছে যান-বাহনৰ গৰাকীসকলৰ।
বাহনত ইন্ধন সোমোৱা চিন্তাত জীয়াটো ভুগিছে একাংশ বাহনৰ গৰাকী।কাৰণ বৃহস্পতিবাৰৰ ঘোষণা একাংশ বাহনৰ গৰাকীয়ে অৱগত হোৱা নাছিল। যাৰ ফলত পুৱা ইন্ধন ভৰাবলৈ ওলাই গৈ চিন্তা পৰিছে সেইসকল জনতা।

ঠিক একেদৰে পুৱাৰে পৰা হৈ থকা বৰষুণত হাহাকাৰ সৃষ্টি হৈছে মহানগৰী জনতা।কৃত্ৰিম বানপানী ফলত স্তব্ধ হৈ পৰিছে মহানাগৰিকৰ জনজীৱন।কৰ্মস্থলীলৈ ওলাইয়ো কৃত্ৰিম বানপানী বাবে থমকি ৰব লগা হৈছে কৰ্মচাৰী।
গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ মূলপথ এতিয়া পানী তলত।কৰবাত যদি একাঠু পানী আন কৰবাত আকৌ একঁকাল পানী।হাটীগাঁও, জু-ৰোড, চানমাৰি, আমবাৰী, নাৰেংগীকে ধৰি বহুতো পথত এতিয়া বান।













